সুশান্ত সিং ৰাজপুত- Sushant Singh Rajput Biography in Assamese

সুশান্ত সিং ৰাজপুতৰ জীৱনী- Sushant Singh Rajput Biography in Assamese

জন্ম আৰু পৰিয়াল(Sushant Singh Rajput Birth and Family)
সুশান্ত সিং ৰাজপুতৰ জন্ম ৭ জানুৱাৰী ১৯৮৬ চনত বিহাৰৰ পাটনা নামে ঠাইত হৈছিল। তেওঁৰ দেউতাকৰ নাম কৃষ্ণা কুমাৰ সিং আৰু মাকৰ নাম ঊষা সিং। তেওঁৰ তিনিগৰাকী ভগ্নী আছিল। এগৰাকী ভগ্নী মীতু সিং ৰাজ্যিক পৰ্যায়ৰ ক্ৰিকেট খেলুৱৈ। তেওঁৰ মাকৰ মৃত্যু ২০০২ চনত হৈছিল।

সুশান্ত সিঙে পাটনাৰ চেন্ট কৰেন হাইস্কুলত প্ৰথম পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু পাছলৈ নতুন দিল্লীৰ কুলাচী হঞ্চৰাজ মণ্ডল স্কুললৈ যায়।

তেওঁ ২০০৩ চনত DEC প্ৰৱেশ পৰীক্ষাত ৭ নম্বৰ স্থান লাভ কৰিছিল আৰু দিল্লীৰ ইঞ্জিনিয়াৰিং কলেজত বেচেলৰ অফ ইঞ্জিনিয়াৰিং (মেকানিকেল ইঞ্জিনিয়াৰিং) ত প্ৰৱেশ লাভ কৰে।

সুশান্ত সিং ৰাজপুতৰ কেৰিয়াৰ- Sushant Singh Rajput Career
সুশান্ত সিং ৰাজপুত এজন ভাৰতীয় অভিনেতা, থিয়েটাৰ আৰু টিভি জগতৰ শিল্পী আছিল। তেওঁৰ অভিনয় জীৱনৰ কেৰিয়াৰৰ আৰম্ভনি কিশ দেশ মে হে মেৰা দিল নামৰ এখন টিভি ধাৰাবাহিকেৰে হয়। কিন্তু তেওঁ একতা কাপুৰৰ পৱিত্ৰ ৰিশতা নামৰ ধাৰাবাহিক খনৰ পৰাহে অধিক জনপ্ৰিয়তা লাভ কৰা দেখিবলৈ পোৱা যায়।

পৱিত্ৰ ৰিশতাত জনপ্ৰিয়তা লাভ কৰাৰ কৰাৰ পাছত তেওঁ বহুটো বলিউডৰ চিনামাৰ অফাৰ পাবলৈ ধৰিলে। তেওঁ বলিউডৰ কেৰিয়াৰ কায় পৌ চে নামৰ চিনেমাখনৰ যোগেদি আৰম্ভ কৰিছিল। এই চিনেমাখনৰ বাবে সুশান্তে বহুটো প্ৰশংসা লাভ কৰিলে।

তেওঁ বলিউডত অভিনয় কৰিবলৈ বহুটো সংঘৰ্য কৰিব লগা হৈছিল। তেওঁৰ বলিউডত কোনো গডফাদাৰ বা ধৰ্মপিতা নাছিল।

সুশান্ত সিং ৰাজপুতে একেৰাহে বহুকেইখন হিট চিনেমাত অভিনয় কৰে। সেইসমূহৰ নাম হৈছে-
Kai Po Che!(2013),
Shuddh Desi Romance(2013),
PK(2014),
Detective Byomkesh Bakshy!(2015),
M.S. Dhoni: The Untold Story(2016),
Raabta(2017),
Welcome to New York(2018),
Kedarnath(2018),
Sonchiriya(2019),
Chhichhore(2019),
Drive(2019)
সুশান্ত সিং ৰাজপুতৰ মৃত্যু-
সুশান্ত সিং ৰাজুতৰ মৃত্যু ২০২০ চনৰ ১৪ জুন তাৰিখে মুম্বাইত তেওঁৰ নিজৰ এপাৰ্টমেন্টত ফাঁচী লগোৱাৰ বাবে হয়। বিভিন্ন সূত্ৰৰ পৰা জানিবলৈ পোৱা মতে তেওঁ বহু দিনৰে পৰা কিছু মানসিক চিন্তাত ভুগি আছিল। এই কাৰণেই হয়তু ২০২০ চনৰ ১৪ জুন তাৰিখে মাত্ৰ ৩৪ বছৰ বয়সত মুম্বাইত থকা তেওঁৰ নিজৰ এপাৰ্টমেন্টত ফাঁচী লগাই আত্মহত্যা কৰে। তেওঁৰ মৃত্যুত সমগ্ৰ বলিউড আৰু তেওঁৰ গুণমুগ্ধসকল শোকত ভাগি পৰে।

Facts About Sushant Singh Rajput- সুশান্ত সিং ৰাজপুতৰ বিষয়ে কিছুমান তথ্য-
*বডাৰ্ক ৰবাৰ্ট তেওঁৰ পছন্দৰ অভিনেতা।
*এ আৰ ৰহমান তেওঁৰ পছন্দৰ গায়ক।
*শচীন তেণ্ডুলুকাৰ আৰু এম এছ ধোনী তেওঁৰ পছন্দৰ খেলুৱৈ।
*তেঁওৰ প্ৰিয় ৰং বগা।
*প্ৰিয় ঠাই হৈছে নিউজিলেণ্ড আৰু ফ্ৰান্স।
*পঢ়া আৰু ক্ৰিকেট খেলা তেওঁৰ চখ আছিল।

Post a comment

0 Comments