Reliance Jio ৰ JioMeet ভিডিঅ' কনফাৰেঞ্চিং এপ মুকলি, Zoom ক দিব প্ৰত্যাহ্বান



Reliance Jio ই ভিডিঅ কনফাৰেঞ্চিং এপ Zoom ক প্ৰত্যাহ্বান জনাই মুকলি কৰিলে JioMeet চাৰ্ভিছ। মুকেশ আম্বানীৰ টেলিকম কোম্পানীটোৱে বৃহস্পতিবাৰে ৰাতি কিছু ধুমধামেৰে ব্যৱহাৰকাৰী সকলৰ বাবে মুকলি কৰিলে এই JioMeet চাৰ্ভিছ। এই চাৰ্ভিছটো এপৰ ৰূপত বৰ্তমান Google Play আৰু App Store ৰ উপলব্ধ। জিঅই এই এপটোৰ যোগেদি কেৱল Zoom কে নহয় Google Meet, Microsoft Teams আৰু এনেধৰনৰ অন্য জনপ্ৰিয় বিদেশী এপ সমূহৰ বিৰুদ্ধে এক প্ৰকাৰৰ যুদ্ধ ঘোষণা কৰি দিলে।

JioMeet ত পোনপটীয়া কল(1:1 কলিং)ৰ উপৰিও ১০০ জন ব্যৱহাৰকাৰীৰ সৈতে একেলগে মিটিং কৰিব পাৰে। আপুনি এই এপটোত ফোন নম্বৰ অথবা ই-মেইলৰ যোগেদি Sign up কৰিব পাৰে আৰু HD পৰ্যায়ৰ ভিডিঅ কলিঙৰ লাভ উঠাব পাৰে। এপটোত পাচৱৰ্ডৰ সুৰক্ষাৰ উপৰিও Zoom এপৰ দৰে ৱেটিং ৰোম আদিৰ দৰে সুবিধাও দেখিবলৈ পোৱা যায়।

JioMeet ক কেৱল Android তে ব্যৱহাৰ কৰিব পাৰি এনে নহয়, ইয়াৰ উপৰিও ইয়াক Windows, Mac, iOS টো ব্যৱহাৰ কৰিব পাৰি। Chrome আৰু Firefox আদিৰ দৰে ব্ৰাউজাৰ সমূহটো JioMeet চাৰ্ভিছক ব্যৱহাৰ কৰিব পাৰি।

এই এপটো দেখিবলৈ আৰু ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ আৰু ই Zoom এপৰ দৰে প্ৰায় একেই। JioMeet ৰ মতে ইয়াক একেলগে পাঁচটা অন্য ডিভাইচত লগ-ইন কৰিব পাৰে আৰু কল কৰি থকাৰ সময়তেই এটা ডিভাইচৰ অন্য এটালৈ অতি সহজে সলনি কৰিব পাৰে। এই সমূহৰ বাদেও ইয়াত চেফ ড্ৰাইভিং মড আৰু স্ক্ৰীন শ্বেয়াৰিং আদিৰ দৰে সুবিধাও আছে।

যদিও এই এপটো এতিয়াহে Google Play ত উপলব্ধ হৈছে তথাপিটো ইয়াৰ কিছু দিনৰ আগৰে পৰা পৰীক্ষণ কাৰ্য চলি আছিল আৰু এটা Invitationড ৰ যোগেদি মিটিংত যোগদান কৰিব পাৰিছিল কিন্তু বৰ্তমান আপুনি ইয়াক ব্যৱহাৰ কৰিবলৈ চাইন-আপ কৰিব লাগিব আৰু একেবাৰে বিনামূলীয়াকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰিব।

Post a comment

0 Comments