Realme Narzo 10A, Redmi 8, Samsung Galaxy M30: 10,000 টকাত কিনিব পৰা বেষ্ট স্মাৰ্টফোন (জুলাই 2020)




Covid-19 লকডাউনৰ বাবে যোৱা কেইমাহমানৰ বাবে ভাৰতীয় বজাৰত কোনোধৰণৰ নতুন মোবাইল মুকলি হোৱা নাছিল। এতিয়া দেশত লকডাউনৰ প্ৰভাৱ কিছুপৰিমাণে কমাত Realme, Xaomi আদি জনপ্ৰিয় মোবাইল কোম্পানীসমূহে বহুকেইটা নতুন স্মাৰ্টফোন মুকলি কৰি উলিয়াইছে। যদিও GST ৰ প্ৰভাৱত বৰ্তমান স্মাৰ্টফোন সমূহৰ দাম বৃদ্ধি হৈছে তথাপিটো চিন্তা নকৰিব, আপোনাৰ মোবাইল ফোন কিনাৰ বাজেট যদি ১০,০০০ বা তোতোকৈ কম হয় তেনেহলে আমি আপোনাৰ বাবে বিচাৰি উলিয়াইছো কেইটামান বেষ্ট বাজেট স্মাৰ্টফোন।

১০,০০০ টকাৰ বাজেটৰ ভিতৰৰ স্মাৰ্টফোন সমূহ তলত দিয়া ধৰণৰ-

Realme C3

ৰিয়েলমী চি-৩ ৰ দাম বৰ্তমান ৮,৯৯৯ টকা বা লোকেল বজাৰত তাতোকৈ কম। ইয়াত বহু শক্তিশালী কিছুদিন আগতে মুকলি কৰা হিলিঅ জি ৭০ প্ৰচেছৰ, 5000mAh বেটেৰী আৰু 6.5  ইঞ্চি HD ডিস্প্লে দিছে। ইয়াত আপোনাক এটা ডেপ্ঠ চেঞ্চৰৰ লগতে ১২ মেগাপিক্সেল ৰিয়েৰ কেমেৰা দিয়া হৈছে। ইয়াৰ উপৰিও চেল্ফী আৰু ভিডিঅ কলিঙৰ বাবে ৫ মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা দিছে। এইটো আমাৰ লিষ্টত ষ্টাইলিষ্ট ফোনৰ ভিতৰত অন্যতম এটা। তথাপিটো ইয়াৰ কিছুমান অভাৱ হৈছে ইয়াত ফিংগাৰ প্ৰিণ্ট চেঞ্চৰ আৰু পুৰনা মাইক্ৰ ইউ এছ বি পৰ্ট দিয়া আছে।


Realme Narzo 10A

Realme Narzo 10A আমাৰ লিষ্টৰ প্ৰথমটো ফোন Realme C3 ৰ সৈতে সমান দাম যদিও ইয়াত ফিংগাৰ প্ৰিণ্ট ছেঞ্চৰকে আদি কৰি কেইবাটাও উন্নত মানৰ বৈশিষ্ট দেখিবলৈ পোৱা যায়। 3 GB RAM আৰু 32 GB ROM ৰ লগতে ইয়াক 256 GB পৰ্যন্ত বঢ়াই নিব পাৰি। বেটেৰী আৰু প্ৰচেছৰৰ ক্ষেত্ৰত ই Realme C3 ৰ সৈতে একে কিন্তু ইয়াত 12MP + 2MP + 2MP কেমেৰা দেখিবলৈ ফোৱা যায়। ইয়াৰ উপৰিও চেল্ফি আৰু ভিডিঅ’ কলিঙৰ বাবে ৫ মেগাপিক্সেল ফ্ৰ’ন্টকেমেৰা দিয়া হৈছে। মুঠতে ইয়াৰ সকলো দিশ লক্ষ্য কৰি ভেল্যু ফৰ মানি স্মাৰ্টফোন বুলি ক’ব পাৰি।

Post a comment

0 Comments