Realme Narzo 10, Samsung Galaxy M21, Redmi Note 9 Pro: 15,000 টকাত কিনিব পৰা কেইটামান ভাল স্মাৰ্টফোন (জুন 2020)


এটা কথা সঁচা যে বৰ্তমান সময়ত আপুনি প্ৰিমিয়াম ফীচাৰ থকা স্মাৰ্টফোন কিনিবলৈ বহুত বেছি টকা খৰচ কৰাৰ প্ৰয়োজন নাই। Samsung, Xaomi আৰু Realme য়ে ইটোৰ পিছত সিটো ১৫,০০০ হাজাৰতকৈও কম টকাত ভেল্যু ফৰ মানী স্মাৰ্টফোন বজাৰত মুকলি কৰিছে। Realme Narzo 10 চিৰিজ, Samsung Galaxy M21 ৰ পৰা আৰম্ভ কৰি Redmi Note 9 Pro আৰু Vivo Z1 Pro কে আদি কৰি বহুকেইটা উলিয়াইছে যিকেইটাত আপুনি কম টকাত এক উন্নতমানৰ স্পেচিফিকেশ্বন আপুনি ফীশ্বাৰ পাব। আমি প্ৰতি মাহে Best Smartphone ৰ গাইড লৈ আহিম আৰু এই মাহৰ ১৫,০০০ তকৈ কম দামৰ বেষ্ট স্মাৰ্ট ফোনসমূহৰ বিষয়ে তলত ভালদৰে জনোৱা হ’ল-

Samsung Galaxy M21
এই ফোনটোৰ কেইটামান মজবুট পইন্টছ হৈছে খুব ভাল AMOLED ডিস্প্লে’, কম ওজন, ভাল বেটেৰী লাইফ, খুব ভাল এপ পাৰ্ফমেঞ্চ। এই ফোনটোত 4GB RAM আৰু 64 GB Internal Storage আছে আৰু 512 GB পৰ্যন্ত বঢ়াব পাৰি। ইয়াত 48MP (F2.0) মেইন কেমেৰা, 8MP (F2.2) আল্ট্ৰা ৱাইড কেমেৰা আৰু 5MP(F2.2) Depth Camera আছে। ইয়াৰ উপৰিও সন্মুখৰ ফালে 20MP (F2.2) ফ্ৰ’ন্ট ফেশ্বিং কেমেৰা দেখিবলৈ পোৱা যায়। দুখন 4G চিম চাপৰ্ট কৰে। বেটেৰীৰ ফালৰ পৰা চালৈ গলেও খুব কম টকাত সুন্দৰ 6000mAH ৰ লিথিয়াম-আয়ন বেটেৰী দেখিবলৈ পোৱা যায়। ৰঙৰ ফালৰ পৰাও ফোনটো বজাৰত ক’লা, নীলা আৰু Raven Black তিনিটা ৰঙত উপলব্ধ।

ফোনটো কিনিবলৈ তলৰ লিংটোত ক্লিক কৰক- Click Here

Post a comment

0 Comments