বলীউডৰ অভিনেতা অজয় দেৱগন(Ajay Devgan)ৰ লাডাখৰ গলৱান উপত্যকাৰ ঘটনাক লৈ চিনেমা নিৰ্মাণৰ ঘোষণা


বলীউডৰ অভিনেতা অজয় দেৱগন(Ajay Devgan)এ লাডাখৰ গলৱান উপত্যকাৰ ঘটনাক লৈ চিনেমা নিৰ্মাণৰ ঘোষণা কৰিলেতৰণ আদৰ্শে এই বাতৰিটো টুইটাৰ যোগে জনাইছে। তেওঁ টুইটাৰত লিখিছে- এইটো আধিকাৰীক ভাৱে সঁচা যে অজয় দেৱগনে  গলৱান উপত্যকাৰ ঘটনাৰ ওপৰত চিনেমা নিৰ্মান কৰিব। কিন্তু, বৰ্তমানলৈকে এই চিনেমাৰ কোনো নাম দিয়া হোৱা নাই। এই চিনেমাখনৰ কাহিনী স্বৰূপে সেই ২০ জন ভাৰতীয় বীৰ স্বহীদ জোৱানৰ বীৰত্ব দেখোৱাব যিকেইজনে চীনৰ সেই আকস্মিক আক্ৰমণত চীনা সেনাৰ বিৰোদ্ধে প্ৰত্যাহ্বান ৰূপে থিয় দিছিল। এই চিনেমাখন প্ৰযোজনা কৰিব অজয় দেৱগন আৰু সিলেক্ট মিডিয়া হোল্ডিং এলএলপিয়ে। চিনেমাখনৰ অভিনেতাসকলৰ নাম বৰ্তমানলৈকে প্ৰকাশ কৰা নাই।

চিনেমাখনত অজয় দেৱগনে অভিনয় কৰিবনে নাই সেয়াও বৰ্তমানলৈকে নিশ্চিত হোৱা নাই। তাৎপৰ্যপূৰ্ণ এয়ে যে যোৱা ১৫ জুনৰ আগত চীনত গলৱান উপত্যকাত চীনা সেনাৰ সৈতে হোৱা হিংসাত্মক সংঘৰ্ষত ২০ জন ভাৰতীয় বীৰ সেনা জোৱান স্বহীদ হৈছিল। শুক্ৰবাৰে পুৱা প্ৰধানমন্ত্ৰী মোডীও লাডাখৰ লেহত উপস্থিত হৈছিল। তাত তেঁও উপস্থিত হৈ সেনা জোৱানসকলৰ সৈতে বাৰ্তালাপ কৰি উত্সাহিত কৰা দেখিবলৈ পোৱা যায় গলৱান উপত্যকাৰ ঘটনাৰ ওপৰত চিনেমা বনোৱাৰ কথা ঘোষণা কৰাৰ পাছতো দৰ্শকৰ মাজতো স্ফূৰ্তি দেখিবলৈ পোৱা গৈছে। এইখিনিতে কৈ থওঁ যে অজয় দেৱগনক ​​শীঘ্রেই 'ভূজ: দ্য প্রাইড অফ ইন্ডিয়া' নামৰ এখন নতুন চিনেমাত দেখিবলৈ পোৱা যাব। অটিটি প্লেটফৰ্মত চিনেমাখন প্ৰিমিয়াৰ কৰা হব।

মন কৰিবলগীয়া এয়ে যে, যোৱা কিছু দিন ধৰি অজয় দেৱগন চছিয়েল মিডিয়াত খুব সক্ৰিয় হৈ আছে আৰু যিকোনা খবৰৰ ওপৰত নিজৰ মন্তব্য দাঙি ধৰি আহিছে। ইয়াৰ উপৰিও কনা ভাইৰাচৰ প্ৰতিৰোধ সম্পৰ্কে জনসাধাৰণক যথাসাধ্যে সচেতন কৰাৰ চেষ্টা কৰি আহিছে। শেষতীয়াভাৱে তেওঁক Tanhaji: The Unsung Warrior এখন চিনেমাত দেখিবলৈ পোৱা গৈছিল। এই চিনেমাখনে বক্স অফিচত ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছিল। বছৰৰ আৰম্ভণিতে Tanhaji এ ২৫০ কোটিতকৈও অধিক টকা আয় কৰা দেখিবলৈ পোৱা গৈছিল। ছবিখনৰ মুখ্য অভিনেত্ৰী হিচাবে কাজল আগৰৱালক দেখিবলৈ পোৱা গৈছিল।

Post a comment

0 Comments